ভাৰতীয় অর্থনীতিৰ দৃষ্টিভংগী আপাতত উদ্ভট হ'ব পাৰে, কিন্তু এটা খণ্ড গতিশীল হৈ থকা দেখা যায়ঃ অনলাইন খুচুৰা. ভাৰতীয়সকলে যিমানেই অধিকভাৱে ইণ্টাৰনেট ব্যৱহাৰ কৰিছে, ই-বানিজ্য কোম্পানীসমূহৰ ৰাজহ পৰৱর্ত্তী তিনিবছৰৰ ভিতৰত তিনিগুণ হৈ 504 বিলিয়নৰ পৰা ($8.13 বিলিয়ন)হ'বগৈ. এইটো মাত্র ফ্লীপকার্ট,এমাজন, জাবং আদিয়ে নহয়, ই -বানিজ্যই ইয়াৰ শিপা খুচুৰাৰ বহুতো ক্ষেত্রলৈকে পোখাইছে, আৰু এতিয়া ভাৰতত এনেকুৱা ওৱেবচাইট তিনিশতকৈ বেছি আছে. যোৱা কেইবছৰমানৰ ভিতৰত, ভাৰতত কিতাপৰ পৰা ঘৰৰ সামগ্রী, বেবী কেয়াৰ প্রডাক্টৰ পৰা ফ্লাইটৰ টিকেটলৈ সকলোবোৰ বিক্রী কৰাৰ বাবে ডজন ডজন ওৱেবচাইট মুকলি কৰা হৈছে. যোৱা বছৰ, অনলাইন খুচুৰা চাইটসমূহে ৰাজহ হিচাপে এটা বৃহৎ অংক 138বিলিয়ন টকা আর্জন কৰিছে. সবাতোকৈ আগত ছচিয়েল মিডিয়াৰ সৈতে, ইকমাৰ্চে মাৰ্কেটিং আৰু বিক্ৰীত ব্যাপক পৰিৱৰ্তন সাধন কৰিবলৈ সমৰ্থন জনাইছে.

ই-কমাৰ্চৰ সবাতোকৈ আশ্চৰ্যজনক দৃষ্টিকোণ হ’ল বিক্ৰী আৰু বিপণনৰ প্ৰয়াসত ইয়াৰ শীঘ্ৰে প্ৰভাৱ পেলাব পৰা দক্ষতা. অনলাইন হোৱাৰ ফলত, চুবুৰীয়াৰ এখন বেকাৰী বা ঘৰ-ভিত্তিক পৰামৰ্শ সেৱাই হঠাতে এক ৰাষ্ট্ৰীয়, অথবা আনকি আন্তঃৰাষ্ট্ৰীয় ভিত্তিক সম্ভাব্য গ্ৰাহক পাবগৈ পাৰে. ৱেব-ভিত্তিক বিক্ৰীয়ে কোনো আন্তঃৰাষ্ট্ৰীয় সীমা নাজানে.

 

ইকমাৰ্চৰ যুগত, কোনো এটা ব্যৱসায়ৰ বাবে অনলাইনত বিক্ৰী নকৰাটো প্ৰায় অপৰাধৰ দৰে. যদিহে এখন অনলাইন ষ্ট'ৰক এখন স্বতন্ত্র খুচুৰা দোকানৰ লগত তুলনা কৰিব পাৰি, এখন মার্কেটপ্লেচ ভার্চুয়েল মলৰ দৰে হ'ব. মার্কেটপ্লেচসমূহে বিক্রেতাসকলক তেঁওলোক প্রডাক্ট অনলাইনত বিক্রী কৰাৰ বাবে এখন প্রতিষ্ঠিত প্লেটফর্ম প্রদান কৰে কিন্তু এখন স্বতন্ত্র অনলাইন ষ্ট'ৰত বিক্রী কৰাৰ তুলনাত লাভালাভৰ মার্জিন কম.

যিকিনহওক, যিকোনো ব্যৱসায়ৰ অগ্রগতি অথবা প্রসাৰৰ লগে লগে, এটা অনলাইন উপস্থিতি বিবেচনা কৰিলে এজন উদ্যমিতাৰ বাবে প্রশ্নসমূহ এখন হতবুদ্ধিকাৰক তালিকা উত্থাপন হ'ব পাৰে.

  • আচলতে এইটো হ'বৰ বাবে কি কৰিব লাগে?
  • কিদৰে এটা অনলাইন উপস্থিতিয়ে ব্যৱসায়ৰ মার্কেট সলনি কৰি দিয়ে?
  • প্রতিদ্বন্দ্বীসকলে কি কৰি আছে?
  • কিদৰে মানুহে বজাৰ কৰিব?
  • কেনেধৰণৰ সুৰক্ষাৰ প্রয়োজন হয়?
  • গ্রাহকে অনলাইনত কিদৰে পৰিশোধ কৰিব?

 

গতিকে, আজিৰ উঠি অহা ব্যৱসায়ীসকলৰ বাবে, লক্ষ্যটো হৈছে: আপোনাৰ ওচৰত উপায় আছে নেকি?

আগবাঢ়ি যাওক আৰু এটা ওৱেবচাইট প্রস্তুত কৰক!

এটা কৌশল প্রস্তুত কৰাৰ পাছত আৰু তেঁওলোকৰ ব্যৱসায়িক আৰু টেকনোলজীকেল প্রয়োজনীতাসমূহ বুজি উঠাৰ পাছত, কোম্পানীয়ে তেঁওলোকৰ লক্ষ্যভূক্ত অডিয়েন্সক 24X7 সেৱা প্রদান কৰিব লাগে যাতে কোনো ই-বানিজ্যৰ কোম্পানী দর্জা কেতিয়াও বন্ধ হৈ নপৰে. সক্রিয় ব্যৱসায়লৈ যোৱাৰ আগতে অর্থনৈতিক শংকা আৰু আইনী নীতিসমূহো দেখা পাব পাৰে. সবাতোকৈ গুৰুত্বপূৰ্ণ হ’ল আপোনাৰ ইউএছপি সৃষ্টিশীলভাবে মাৰ্কেটলৈ লৈ অনা.

এখন অনলাইন ষ্ট’ৰ আৰম্ভ কৰাটো ভয়ংকৰ প্ৰত্যাহ্বানৰ দৰে লাগিব পাৰে, কিন্তু বাস্তৱতে এইটো কেতিয়াও সহজ নাছিল. যেতিয়া ই কঠিন তথ্যৰ ফালে আহে, তেতিয়া বহুত ই-ষ্টাৰ্টআপ বাচি থকা বা সফল নোহোৱাটো ধৰা পৰে. এতিয়া, এটা ব্যৱসায় অনলাইনলৈ স্থানান্তৰিত কৰিবলৈ বিভিন্ন পদ্ধতি মানকীকৃত আনকি স্বয়ংক্ৰিয় কৰা হৈছে. ব্যৱসায়ৰ গৰাকীয়ে তেওঁলোকৰ নিজৰ ব্যৱসায় জীৱনত সম্পূৰ্ণৰূপে নতুন অৰ্থ বিচাৰি পাইছে- এক অনলাইন ষ্ট’ৰ নিৰ্মাণ ব্যৱস্থাৰ মাধ্যমেৰে-তেওঁলোকে অনুভৱ কৰে যে তেওঁলোকে নতুনকৈ সন্ধান কৰা বজাৰত সৰ্বাধিক ভাল ফল আশা কৰে আৰু ইন্টাৰনেট গ্ৰাহকৰ পৰা বিশ্বাস অৰ্জন কৰিছে। ইয়াৰ পূৰ্বে ইমান অধিক সংখ্যক সামগ্ৰী আৰু সেৱাৰ বাবে এখন বিশ্বৰ বজাৰ লাভ কৰিবলৈ উদ্যোগীসকলৰ হাতত ইমান স্পষ্ট, সহজ আৰু তুলনামূলকভাৱে সস্তীয়া সুযোগ নাছিল. এইটো আচৰিত যে কিদৰে এটা ব্যৱসায়ে উন্নতি লাভ কৰিব পাৰে যেতিয়া গ্রাহকসকলে মাত্র এটা আঙুলি তোলাৰ প্রয়োজন হয়