অভিযোজন আৰু ব্যৱসায়

1 আইপিআৰ

বৌদ্ধিক সম্পদাধিকাৰসমূহ (আইপিআৰ) অভিযোজনৰ বাবে অতি প্ৰয়োজন. এইয়া হৈছে জ্ঞানৰ আধাৰত চলা যিকোনো অৰ্থনীতিৰ ভিত্তিমূল. এয়া হৈছে সৃষ্টি আৰু অধিকাৰৰ অন্তৰাপৃষ্ঠ. ইয়ে অৰ্থব্যৱস্থাৰ সকলো ক্ষেত্ৰত বিয়পি পৰে আৰু প্ৰতিষ্ঠানৰ প্ৰতিযোগিতা কৰাৰ ক্ষমতা নিশ্চিত কৰিবলৈ গুৰুত্বপূৰ্ণ হৈ পৰে. আইপিআৰৰ ভুমিকা হৈছে আৱিস্কাৰ কৰা জনক তেওঁৰ/তাইৰ সৃষ্টিক সুৰক্ষা দিবলৈ এটা ন্যায়িক অধিকাৰ দিয়া আৰু অন্যক বে-আইনীভাৱে এই সৃষ্টিক বেয়া কৰিবলৈ বাধা দিয়া আৰু পুনৰ সৃষ্টি কৰিবলৈ নিদিয়া.

আৱিস্কাৰক সংৰক্ষণ কৰিবলৈ ব্যৱহাৰ কৰা আইপিআৰৰ বিভিন্ন সঁজুলি হৈছে:-

  • কপিৰাইট: সংগীত, সাহিত্যিক, শিল্পী, বক্তৃতা, নাটক, শিল্প প্ৰতিৰোধ, মডেল, ফটো, কম্পিউটাৰ চফট্‌ৱেৰ আদি সৃষ্টিশীল কামৰ সুৰক্ষাৰ সৈতে সম্বন্ধিত.
  • পেটেণ্ট: ব্যৱহাৰিক উদ্ভাৱনৰ লগত জড়িত আৰু ইয়াৰ উদ্দেশ্য হৈছে নতুন, স্পষ্ট আৰু উপযোগী উদ্ভাৱনক সুৰক্ষিত কৰা.
  • ট্ৰেডমাৰ্ক: বাণিজ্যিক চিহ্নৰ লগত জড়িত আৰু বিশিষ্ট নম্বৰ যেনে শব্দ/চিহ্ন যেনে ব্যক্তিগত নাম, বৰ্ণ, সংখ্যা, ফিগুৰেটিভ উপাদান (ল'গ'); ডিভাইচ; দৃষ্টিভংগীত দুটা অথবা তিনিটা মাত্ৰাৰ চিহ্ন/আকাৰ অথবা তেওঁলোকৰ সংমিশ্ৰণ; শ্ৰৱণযোগ্য চিহ্ন (শব্দ চিহ্ন) উদাহৰণস্বৰূপে এটা জন্তুৰ চিহ্ন অথবা এটা শিশুৰ ধ্বনি; আলফেক্টৰী নম্বৰ (গোন্ধ নম্বৰ), কিছুমান সুগন্ধৰ ব্যৱহাৰ.
  • ইন্ডস্ট্ৰিয়ল ডিজাইনছ: আকাৰ, বিন্যাস, পেটাৰ্ণ, অলংকৃতকৰণ অথবা লাইন অথবা ৰংৰ সংযোজন, যিকোনো প্ৰবন্ধৰ দুই অথবা তিনিটা মাত্ৰা অথবা দুয়োটা ৰূপত প্ৰয়োগ কৰা অথবা কোনো ঔদ্যোগিক প্ৰক্ৰিয়া অথবা মেনুৱেল, যান্ত্ৰিক অথবা ৰাসায়নিক, পৃথক অথবা সংযুক্ত যিটো পূৰ্ণ কৰা প্ৰবন্ধটোৰ বাবে আবেদন কৰা আৰু কেৱল চকুৰে নিৰ্ণয় কৰে সেই অনুসৰি একমাত্ৰ নতুন কাৰ্য্যকৰী বৈশিষ্ট্য সুৰক্ষিত কৰে.
  • ভৌগোলিক সূচক (জিআই): ঔদ্যোগিক সম্পত্তিৰ সেই দিশটো বুলি কোৱা হয়, যিটোৱে সেই সামগ্ৰীৰ উৎপত্তি স্থান বা দেশক বুজায়. সাধাৰণতে, তেনে এটা নাম প্ৰডাক্টৰ গুণগত মান আৰু বিশিষ্টতাৰ আশ্বাস দিয়ে, যিটো সেই নিৰ্ধাৰিত ভৌগোলিক স্থানীয় ঠাই, ক্ষেত্ৰ অথবা দেশত ইয়াৰ উৎপত্তিৰ প্ৰকৃততে আশ্বাসযোগ্য.

বৌদ্ধিক সম্পদাধিকাৰসমূহ হৈছে সদায় এলেকা অনুসৰি. গোলকীকৰণ আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতিৰ লগে লগে বৌদ্বিক সম্পদাধিকাৰৰ গুৰুত্ব বাঢ়িছে. 

2 আইপিআৰ আইন আৰু নিৰ্দেশনা

ভাৰত হৈছে ডব্লিউটিওৰ সংস্থাপক সদস্য আৰু ট্রেড ৰিলেটেড ইন্টেলেক্সুয়েল প্রপাৰটি ৰঅইটচ(টিআৰআইপিএচ)ৰ চূক্তিত অনুমোদন কৰিছে. চুক্তি অনুসৰি, ভাৰতকে ধৰি সকলো সদস্য ৰাষ্ট্রই নির্ধাৰিত সময়সীমাৰ ভিতৰত পাৰস্পৰিক আলোচনাভিত্তিক নিয়ম আৰু মানদণ্ডসমূহ অনুপালন কৰিব লাগিব. সেইদৰে, ভাৰতে এটা বৌদ্ধিক সম্পদৰ অধিকাৰ (আইপিআৰ) বিধি ব্যৱস্থা স্থাপন কৰিছে, যিটো ডব্লিউটিঅ’ৰ সৈতে খাপ খোৱা আৰু বৈধানিক, প্ৰশাসনীয় বা ন্যায়িক যি ক্ষেত্ৰতেই হওক সকলো স্তৰতে ভালদৰে স্থাপিত হৈছে.

চৰকাৰে ইয়াৰ ৰণনৈতিক গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি দেশত বৌদ্ধিক সম্পদৰ প্ৰশাসনক অধিক সুষম কৰিবলৈ ব্যাপক ৰূপত আগ-ভাগ লৈছে. ডিআইপিপি-ৰ অধীনত কন্ট্ৰ'লাৰ জেনেৰেল অব পেটেন্টছ, ডিজাইনছ এণ্ড ট্ৰেড মাৰ্কছ (চিজিপিডিটিএম)ৰ নোডেল কৰ্তৃপক্ষ যি পেটেন্ট, ডিজাইন, ট্ৰেডমাৰ্ক আৰু জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যনৰ দৰে সম্পৰ্ক থকা সমূহ বিষয় পৰিচালনা কৰিব আৰু লগতে নিৰ্দেশ আৰু পৰিচালনা কৰিব কাৰ্য সম্পাদনৰ :-

  1. পেটেন্ট কাৰ্যালয় (ডিজাইন শাখাকে ধৰি)
  2. ডি পেটেণ্ট ইনফর্মেচন চিষ্টেম(পিআইএচ)
  3. ডি ট্রেড মার্ক ৰেজিষ্ট্রী(টিএমআৰ), আৰু
  4. জিওগ্রাফিকেল ইণ্ডিকেচনচ ৰেজিষ্ট্রী(জিআইআৰ)

তাৰোপৰি, মানৱ সম্পদ বিকাশ মন্ত্রালয়ৰ শিক্ষা বিভাগত এটা 'কপিৰাট কার্য্যলয়' প্রতিষ্ঠা কৰা হৈছে, কপিৰাইটচৰ পঞ্জীকৰনকে অন্তর্ভূক্ত কৰি ইয়াৰ সকলো নিকট অধিকাৰৰ সুবিধা প্রদান কৰাৰ বাবে.

ইন্টাগ্ৰেটেড চাৰ্কিটৰ ৰূপৰেখা সমন্ধে কিবা সমস্যা থাকিলে তথ্য আৰু যোগাযোগ মন্ত্রালয়ৰ ‘তথ্য আৰু যোগাযোগ বিভাগ’ হৈছে নডেল সংগঠন. কৃষি মন্ত্ৰালয়ত থকা 'বিভিন্ন গছ-গছনীৰ প্ৰজাতি আৰু খেতিয়কৰ অধিকাৰ সুৰক্ষা দিয়া বিভাগে' বিভিন্ন প্ৰজাতিৰ গছ-গছনীৰ বাবে সকলো ধৰণৰ নীতি নিয়ম চোৱাচিতা কৰে.

আইপিআৰক নিয়ন্ত্ৰণ কৰা আইন/কানুন: -

A. ডি ট্রেড মার্ক আইন 1999

b. জিওগ্রাফিকেল ইণ্ডিকেচন অব গুডচ( ৰেজিষ্ট্ৰেচন আৰু প্রটেকচন) আইন 1999

গ. ডি ডিজাইন আইন, 2000

ডি. পেটেন্ট আইন, 1970 আৰু 2002 আৰু 2005ত ইয়াৰ পৰৱৰ্তী সংশোধন

ঙ) ভাৰতীয় কপিৰাইট আইন, 1957 আৰু ইয়াৰ সংশোধনী কপিৰাইট (সংশোধনী) আইন, 1999

চ) ছেমিকণ্ডাক্টৰ ইন্টিগ্ৰেটেড চাৰ্কিট লে’আউট ডিজাইন আইন, 2000

ছ) চ) ছেমিকণ্ডাক্টৰ ইন্টিগ্ৰেটেড চাৰ্কিট লে’আউট ডিজাইন আইন, 2000

3 ট্ৰিপছ

বৌদ্ধিক সম্পদ অধিকাৰসমূহ(টিআৰআইপিএচ) বানিজ্য সম্পর্কিয় দিশসমূহৰ চুক্তি. ই প্রথমবাৰৰ বাবে বৌদ্ধিক সম্পদৰ লগত জড়িত আইনসমূহ আন্তঃৰাষ্ট্রীয় বানিজ্য ব্যৱস্থালৈ আনিছিল. এই চুক্তিটোৱে বিশ্বজুৰি প্ৰচলিত বৌদ্ধিক সম্পদ অধিকাৰসমূহ(আইপিআৰ) ৰ সুৰক্ষা আৰু বলবৎ ৰ ব্যপ্তিৰ ক্ষেত্রত থকা ভিন্নতাখিনি সীমিত কৰিছে সেইবিলাকক সাধাৰণ নূন্যতম আন্তঃৰাষ্ট্রীয়ভা সন্মত বাণিজ্যিক মানদণ্ডলৈ অনাৰ দ্বাৰা. সদস্য ৰাষ্ট্রসমূহৰ দ্বাৰা নির্ধাৰিত সময়সীমাৰ ভিতৰত এই নীতি আৰু মানদণ্ডসমূহ অনুপালন কৰিব লাগিব আৰু আভ্যন্তৰীণ বানিজ্যৰ বিসংগতি আৰু প্রতিবন্ধকতাসমূহ হ্রাস কৰাৰ বাবে আইপিআৰসমূহৰ ফলপ্রসূ সুৰক্ষা প্রমোট কৰিব লাগিব.