নিৰ্মাতা: বিনায়ক আগৰৱাল | সহ-স্থাপক myHQ 11 জুন 2020, বৃহস্পতি

ক'ভিড-19 মহামাৰীৰ পাচত শ্ৰেষ্ঠ 8টা ষ্টাৰ্টআপ খণ্ড বিকশিত হ'ব পাৰে

কৰোনাভাইৰাচৰ প্ৰভাৱ পাৰ্থিৱেই নহয়, ই মানসিক, মনোবিজ্ঞানিক, ক্ষমতাকেন্দ্ৰিক আৰু ই অলপ সময় ইয়াত থাকিব!

 

যদিও ইয়াক বিয়পাত বাধা প্ৰদান কৰাটো প্ৰাথমিক চিন্তা হয়, তাৰ ফলাফলত হোৱা দূৰ্য্যোগবিলাকে আমাক ই শেষ হোৱাৰ পাচতো আমনি কৰিব. যিকোনো বস্তু সাধাৰণলৈ অথবা তাৰ আগৰ অৱস্থালৈ ঘুৰাই নিব পৰা নাযাব, ই আমাৰ বাবে এটা নতুন সাধাৰণ হ'ব. আমি কৰ্পৰেটৰ লগতে ষ্টাৰ্টআপ খণ্ডত হোৱা ব্যৱহাৰিক পৰিৱৰ্তনবিলাক চাই আছোঁ. ভিন্ন উদ্যোগত ডাঙৰ স্তৰত হোৱা অচল অৱস্থা আৰু বিশ্বজুৰি হোৱা চাকৰিৰ অভাৱৰ উচ্চ স্তৰ.

মানৱ জীৱনত হোৱা লোকচানবিলাকটো মাত্ৰ বৰফৰ খণ্ডৰ ওপৰৰ অংশহে, বৰ্তমান দিনৰ অৱস্থাৰ হানিকাৰক চাইবিলাকহে বাকি থাকিব. আটাইতকৈ ক্ষতিকাৰক প্ৰভাৱবিলাক ষ্টাৰ্টআপ আৰু এমএচএমই পৰিৱেশবিলাকত দেখা যাব. এইবিলাক মূলধন আৰু নিৱেশৰ এটা চলন্ত শ্ৰৌতত চলি থাকে, যিবিলাক এই মহামাৰীৰ বাবে এটা অচল অৱস্থালৈ আহিছে.

যিহেতু বেছিভাগ ষ্টাৰ্টআপৰ গৰাকী আৰু ব্যৱসায়ীয়ে লোকচান কমাবৰ বাবে বাহিৰলৈ ওলোৱা কৌশল বিচাৰি আছে, আমাৰে কেইজনমানে এইবিলাক সমস্যা বাদ দিলে. বাস্তৱত ৰূপায়িত হ'বলগীয়া উদয়ীমান কৰ্মচাৰী, যোজনা আৰু উপায়বিলাক এতিয়া আৰু গঠিত হ'বলৈ বহুত সময় লাগিব. সময়বিলাক কষ্টকৰ আৰু কষ্ট সহ্য কৰিবলগীয়াসকলহে টিকিব পাৰিব.

এই সকলোবিলাক এটা সুবিধাৰ দৃষ্টিৰে চাবলৈ হ'লে, ভালেমান উদ্যোগ ইয়াৰ পৰা লাভান্বিত হোৱা দেখা যায়. এইটো অৰ্থনীতিয়ে চলোৱা মন্দাৱস্থা নহয়, ই এটা দুৰ্য্যোগ হয় যিটোৱে আন্তঃগাঠনি নাশ কৰা নাছিল, ই মাত্ৰ সকলোবিলাককে অচল অৱস্থালৈ আনিছে. ইয়াৰ সকলোবোৰৰ মাজতে, কেইটামান খণ্ডই শেহতীয়া ইভেণ্টৰ সৰ্বাধিক পৰিমাণ গঢ়ি তোলে. যদিও আমাৰ কিছুমানৰ বাবে ই এটা বৰ্তি থকাৰ বাবে যুদ্ধ, এইখন ৰাজ্যত ভালেমান লাভ কৰিবলৈ কিছুমান সুযোগ গ্ৰহণ কৰিছিল.

বিশ্বজুৰি চৰকাৰী প্ৰশাসনে নিৰ্দেশ দিয়া নতুন আচৰণবিলাকৰ বাবে উপভোক্তাসকলৰ মাজত ভালেমান ব্যৱহাৰিক পৰিৱৰ্তনে দেখা দিছে। অনলাইন বজাৰৰ কৰাৰ পৰাৰ সামাজিক দূৰত্বলৈকে আৰু ঘনবসতিপূৰ্ণ ঠাইলৈ ভ্ৰমণ কৰিবলৈ ইচ্ছা নকৰালৈকে, নতুন সাধাৰণটো আমি ভবাৰ দৰে ইমানো বেয়া নহয়.

ইয়াৰে কিছুমান খণ্ডৰ পৰা, নতুন সাধাৰণে নতুনকৈ অহা সুযোগবিলাক কঢ়িয়াই আনিব. আগতে নোচোৱা এখন পূৰ্ণ বজাৰৰ বাবে এতিয়া হেতা-ওপৰ লাগিছে. আমি ইয়াৰ বিষয়ে কথা পাতি থকা সময়তেই, কিছুমান ষ্টাৰ্টআপে ওপৰোক্ত অৱস্থাৰ ওপৰত কাম কৰি আছে.

আহক আমি সেইবিলাক খণ্ড এবাৰ চাও যাৰ বৰ্তমান থকা ব্যৱসায়িক মডেলৰ বাবে লাভ হ'ব:

  • এড-টেক

বিদ্যালয় আৰু শৈক্ষিক সন্থাবিলাক কাম কৰিবলৈ বাধা দিয়াৰ পাচত অনলইন শিক্ষা, শিক্ষণ, ৱেব কাৰ্য্যক্ৰম ইত্যাদিবিলাক প্ৰয়োজনৰ সময়ত উঠি আহিছে. সলাব নোৱাৰ ভাৱত, অনলাইন শিক্ষা খণ্ডটোত হঠাতে অহা বিকাশে দেখা দিছে, আৰু সকলো দিশৰ মানুহবিলাকে, প্ৰতিখন ক'ভিড-19 প্ৰভৱ পেলোৱা ৰাষ্ট্ৰই, সমসাময়িক শিক্ষা আৰু শিক্ষণৰ বিকল্প বিচাৰি আছে.

মানুহবিলাকে সামাজিক দূৰত্ব অৱলম্বন কৰিব নোৱাৰা ঠাইঅবিলাকলৈ নিজৰ শিশু আৰু ল'ৰা০ছোৱালী পঠাবলৈ ভয় কৰিছে আৰু সেইবাবে এড-টেক বিভাগে ব্যৱহাৰ কৰিবপৰা সকলো একক ব্যৱহাৰ কৰি চাইছে. লগতে, যিটো বৰ্তমান সময়ৰ বাবে সুবিধাজনক, পৰিপূৰ্ণ আৰু অধিক ধাৰণীয় হয় যেতিয়ালৈকে আমাৰ ওচৰত ক'ভিড-19ৰ বাবে স্থায়ী চিকিৎসা হাতত নপৰে.

  • স্বাস্থ্য আৰু স্বাস্থ্যৱান

বিশ্বজুৰি চলি থক অস্বাস্থ্য আপাতকালীন অৱস্থা এটাত, স্বাস্থ্য আৰু সুস্থ হৈ থক অখণ্ডত ওচৰত ব্যৱহাৰকাৰীসকলৰ ওচৰত নিজকে প্ৰয়োজন হিচাপে স্থাপন কৰাৰ এটা বহুত ডাঙৰ সুযোগ আছে। নিজকে প্ৰয়োজনীয় হিচাপে ব্ৰেণ্ড কৰা আৰু প্ৰয়োজনীয় সমৰ্থম প্ৰক্ৰিয়া পাই, উদ্যোগটো আহি থকা ভৱিষ্যৎত বাঢ়ি অহা উদ্যোগ হিচাপে বাঢ়ি আহিছে.

যিবিলাক মানুহে দুৰ্বল বেমাৰ প্ৰতিৰোধ ক্ষমতাৰ লগত যুঁজি আছে, এতিয়া তেওঁলোকক স্বাস্থ্যৱান আৰু সবল কৰি ৰখা যিকোনো বস্তুৰ ওপৰত হাত দিছে. ইয়াৰ লগতে, বিশ্বজুৰি থকা প্ৰাধিকৰণবিলাকৰ পৰামৰ্শদাতাসকলে তেনে কথাবিলাকৰ প্ৰচাৰ কৰিছে, যিটো এটা নিবিচৰা প্ৰচাৰ বাহিৰে একো নহয়. লগতে, তেনে বস্তুবিলাকৰ চাহিদা ইমানেই বাঢ়িছে যে বৰ্তমান থকা বস্তুবিলাকৰ বাবে প্ৰয়োজনতকৈ বেছি ঠাই আছে.

  • বিত্তিয় সেৱা আৰু এনএফবিচি

আহি থকা দিনবিলাকত এটা কথা নিশ্চিত যে অৰ্থনীতিটো সকলো সময়তে নমনীয় হৈ থাকিব. মানুহবিলাকৰ কম অথবা কোনো নগদ টকা নাইকীয়া অৱস্থা শোচনীয় হ'ব. হাতত থকা সমস্যাবিলাক বঢ়াই, নিবনুৱা আৰু স্বাস্থ্য সমস্যাবিলাকে অৱস্থাটো আৰু শোচনীয় কৰি তুলিছে. তেনে সময়বিলাকত, নিয়ন্ত্ৰিত বিত্তিয় সেৱা প্ৰদানকৰ্তা আৰু এনএফবিচিলাকৰ পালন কৰিবলৈ এক গুৰুতৰ ভূমিকা আছে.

স্বীকাৰ নকৰাকৈ, মানুহবিলাকে অসুৰক্ষিত ধাৰবিলাকৰ পাচত পৰিব. তেওঁলোক নিম্নতম সমান্তৰালৰ বিপক্ষে ঋণ ল'ব আৰু কঠোৰ সমসাময়িক বেংকিং প্ৰণালীবিলাক তেনেস্থলত পলিচীৰ অভাৱত পৰিব. মধ্যম আৰু ক্ষুদ্ৰ স্তৰৰ উদ্যোগবিলাকৰ পৰা নিবনুৱা ব্যক্তিসকলৰ যাক চুটি জাননীত ফাণ্ডৰ প্ৰয়োজন হয়, এই বিত্তিয় এককবিলাকে এচেৰেঙা আশাৰ ৰেঙণি হৈ হ'ব.

  • এচএএএচ আৰু ৰিম'ট ৱৰ্কিং টুল

এনে সময়ত চাচ আৰু ৰিম'ট ৱৰ্কিং টুল সফলতাৰ পথত আহি পৰে. আমি সন্মুখীন হ'ব পৰা মেজাজী পৰিৱৰ্তনবিলাকলৈ চকু দি, চাচ এপ্পলিকেষ্যনচ্‌ & ৰিম'ট ৱৰ্কিং টুল চলি থকা যোজনাবিলাকক সুবিধা প্ৰদান কৰি ভৱিষ্যতৰ প্ৰয়াসৰ বাবে পথ মানচিত্ৰ আগবঢ়াব.

এই এপ্পলিকেষ্যনবিলাকে ভৱিষ্যতে হ'বপৰা বেছিভাগ ব্যৱসায় ব্যৱস্থাৰ ভেটি হিচাপে কাম কৰিব আৰু বৰ্তমান থকাবিলাকৰ বাবেটো এইখিনি স্বৰ্গ. সময়ৰ সহায় হিচাপে, বৰ্তমান কৰ্মসংস্কৃতিক ভালেমান উৎপাদনলৈ নিলে, এইবিলাকে বিশ্বজুৰি ভিন্ন ব্ৰেণ্ডবিলাকক স্থাপন কৰিবলৈ অথবা ভাল অৱস্থালৈ নিবলৈ সহায় কৰিব.

  • ই-কমাৰ্চ আৰু ডেলিভাৰী ভিত্তিক সেৱা

ভিন্ন দেশত ৰাষ্ট্ৰজুৰি লকডাউন বলৱৎ কৰা, আহি থকা বছাত নহয় যদিও মাহবিলাকত সামাজিক দুৰত্ব নতুন সাধাৰণ হিচাপে পালন কৰাৰ লগত, আৰু মানুহবিলাকে বজাৰ, গেলামালৰ দোকান আৰু ৰাজহুৱা ঠাইত গোট খোৱাৰ পৰা আঁতৰি থকাৰ বাবে, ই-কমাৰ্চ আৰু ডেলিভাৰী খণ্ডবিলাক খৰকৈ বাঢ়ি আহিছে. এইবিলাকে এটা সুৰক্ষিত আৰু দূৰত্বত থাকিব পৰালৈ প্ৰয়োজনীয় আৰু অনা-প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰাৰ সুবিধা প্ৰদান কৰে, যিটোক ক'ভিড-19ৰ নিবাৰক ব্যৱস্থা হিচাপে পৰামৰ্শ দিয়া হৈছে, এই উদ্যোগটোত গ্ৰাহক-বিক্ৰী সঞ্চালনত বিকাশে দেখা দিছে.

কাৰ্য্যকৰী বিপ্লৱ আৰু ইণ্টাৰফেচ নিয়ন্ত্ৰণ প্ৰণালীবিলাক উদ্ভাৱন হোৱাৰ পাচতে, এই উদ্যোগটো বিকাশৰ ফালে আগবাঢ়ি আছে. কিন্তু শেহতীয়া ঘটনাবিলাকৰ পৰিৱৰ্তনে গোটেই খেলটো অবিশ্বসনীয় স্তৰলৈ পৰিণত কৰিলে. অনলাইনত অৰ্ডাৰ কৰা উপযোগসমূহ ব্যৱহাৰ কৰাৰ পৰা বিৰত হৈ থকা মানুহ; সেৱা আৰু সামগ্ৰীবোৰে এতিয়া তেওঁলোকৰ দৈনিক প্ৰয়োজনীয়তাৰ বাবে ক্ৰয়ৰ বাবে ব্যৱহাৰ কৰিবলৈ অৱলম্বন কৰিছে.

  • অ'টিটি প্লেটফৰ্ম আৰু অনলাইন গেমিং

ইয়াৰ ওপৰতে মিডিয়া আৰু অনলাইন গেমিং এতিয়া সমসাময়িক মনোৰঞ্জনৰ উপায় হিচাপে উঠি আহিছে. মুভি থিয়েটাৰ, গেমিং হাব আৰু অন্য বিনোদন-মনোৰঞ্জন স্থাপনবিলাকত প্ৰতিবন্ধ আৰু বাধা আৰোপ কৰাৰ লগতে, এই অ'টিটি প্লেটফৰ্মবিলাকে আৰু অনলাইন গেমিং বিশ্বখনে খালি ঠাইবিলাক পূৰ্ণ কৰিবলগা হৈছে.

অতি সোনকালেই, যিবিলাকৰ এইবিলাক ব্যৱহাৰ কৰাৰ অভ্যাস নাই তেওঁলোকৰ অভ্যাস হৈ পৰিব আৰু অলপ মনোৰঞ্জন কৰিব বিচৰাসকলৰ প্ৰয়োজনবিলাক এইবিলাকে পূৰ্ণ কৰিব. এইবিলাকে সময় আৰু খৰচ ৰহিত কৰাত প্ৰমাণ কৰিছে, একে অভিজ্ঞতাৰ এটা নিজাকৃত সংস্কৰণ প্ৰদান কৰিছে আৰু এজনে এইবিলাক অভিজ্ঞতা ঘৰতে পাব পৰিব.

  •  ফাৰ্মা, লাইফ চাইঞ্চ আৰু গৱেষণাগাৰ/পেথ'লজী

বিজেতা হিচাপে অন্য এটা খণ্ড হৈছে ফাৰ্মা, লাইফ চাইঞ্চ আৰু পেথ'লজী খণ্ড. ল'ৰা-ছোৱালী, বয়স্ক অথবা বয়সস্থ যিয়েই নহওক, ক'ভিড-19 শেষ হোৱাৰ পাচত, মানৱ জনসংখ্যাৰ বেছিভাগে স্বাস্থ্য চিকিৎসা আৰু সুবিধাবিলাক সুবিধাজনকভাৱে পাবলৈ সক্ষম হ'ব.

এবাৰ এটা ভেক্সিন সফলভাৱে বিকশিত হোৱাৰ পাচত, আমাৰ বৰ্তমান দৰৱ উদ্যোগটো ভালৰ বাবে পৰিৱৰ্তিত হ'ব. প্ৰতিটো মানুহক এপালি দৰবৰ প্ৰয়োজন হ'ব আৰু সেই প্ৰয়োজনটো পূৰ্ণ কৰাৰ দায়িত্ব আমাৰ ফাৰ্মা উদ্যোগৰ কান্ধত থাকিব. এই মানুহবিলাকে এটা ভাল কাৰণৰ বাবে কাম কৰিছে, কিন্তু তেওঁলোকে যে ভালেমান লাভ কৰিব সেইটো নিশ্চিত.

  • নিয়ন্ত্ৰিত কাৰ্য্যালয়ৰ ঠাই

আন এটা খণ্ড যিটোৱে বাকীবোৰৰ ওপৰত উঠি আহিব নিয়ন্ত্ৰিত কাৰ্য্যালয়ৰ ঠাই কৰ্পৰেট, ষ্টাৰ্টআপ আৰু বাণিজ্যিক ৰিয়েল ইষ্টেটৰ বাবে. ব্যৱসায় আক্ৰমণাত্মকভাৱে কমোৱাৰ লগতে দূৰৰ পৰা কাম কৰি থকা সংস্কৃতিৰ বিদ্যমান তৰফৰ সৈতে, ব্যয়-দক্ষ, আৰামদায়ক নিয়ন্ত্ৰিত কাৰ্য্যালয়ৰ ঠাইৰ প্ৰয়োজন দেখা যায়.

কৰ্মৰ বাবে ভ্ৰমণ কৰিব নিবিচৰাসকলৰ বাবে, এই নিয়ন্ত্ৰিত কাৰ্য্যালয়ৰ ঠাইবিলাকে প্ৰয়োজনত থকা মানুহবিলাকক এটা সুবিধাজনক বিকল্প প্ৰদান কৰিব. ষ্টাৰ্টআপ, এচএমই, আৰু কৰ্পৰেট সমীতিবিলাকেও খৰচ কমোৱাৰ ফালে আগবাঢ়িছে যাতে বস্তুবিলাক নিয়ন্ত্ৰিত কৰিব পাৰে আৰু এই ঠাইবিলাকে সেইটোৰ বাবে উৎকৃষ্ট সমাধান প্ৰদন কৰে. এইবিলাক সমসাময়িক কাৰ্য্যালয়ৰ হাবতকৈ সুৰক্ষিত আৰু ইয়াৰ বাবে তাৰ এটা অংশৰ সঞ্চালন খৰচতেই হৈ যায়.

সামৰণি মাৰিবলৈ হ'লে, ভৱিষ্যৎ আমাৰ বাবে আনন্দময় নহয়. অৰ্থনীতি বিকাশৰ বাবে নিশ্চিত নহয়, আহি থকা সময়ৰ বাবে আমাৰ ওপৰত বিস্তাৰভাৱে নিয়োগ নোহোৱা অৱস্থা ঘুৰি আছে, কিন্তু উক্ত খণ্ড আৰু উদ্যোগৰ বাবে নহয়. এইবিলাক ঘন ক'লা ডাৱৰৰ মাজতি জিলিকি থাকিব. ধুমুহা পাৰ হৈ যোৱাৰ পাচত, এইবিলাক অৱলোকন কৰিবলৈ জ্ঞান আৰু উদ্যোগৰ স্বামী হিচাপে উঠি আহিব. 

লেখকৰ বিষয়ে

বিনায়ক আগাৰৱাল হৈছে ইয়াৰ সহ-স্থাপক মাইএইচক্যু, সহস্ৰাব্দসমূহে কাম কৰাৰ পথত আন্দোলন কৰিবলৈ এটা ষ্টাৰ্টআপ যাৰ লক্ষ্য হৈছে. তেওঁলোকে মানুহে কম কৰিবলৈ, সংযোগিত হ'বলৈ আৰু তাৰ পৰা সৃষ্টি কৰিবলৈ সুন্দৰ আৰু প্ৰেৰণাদায়ক একেলগে কম কৰা ঠাই আৰু কাম কৰা কেফে সৃষ্টি কৰিছে. মাইএইচক্যু হৈছে 10,000+ উদ্যোগী, ফ্ৰীলেঞ্চাৰ আৰু কৰ্মৰত পেচাদাৰীসকলৰ এটা জীৱন্ত সম্প্ৰদায়.

মূলতে এজন ব্যৱসায়ী, বিনায়ক এজন আইআইটি দিল্লীৰ পুৰ্ব ছাত্ৰ আৰু তেওঁ মাইএইচক্যু আৰম্ভ কৰাৰ আগত গ'লডমেন চেকৰ লগত 2 বছৰ কাম কৰিছিল.