ভাৰতত ব্যৱসায় কৰি থকা

1 ভাৰতত এটা ব্যৱসায় আৰম্ভ

এটা ব্যৱসায়িক প্ৰতিষ্ঠান হৈছে এটা অৰ্থনৈতিক প্ৰতিষ্ঠান, যিয়ে লাভ আৰু ধন সঞ্চয় কৰিবলৈ সামগ্ৰী আৰু সেৱাৰ উৎপাদন আৰু/বা বিতৰণ কাৰ্যৰ সৈতে জড়িত হৈ থাকে. ইয়াত বিভিন্ন ধৰণৰ কাৰ্য্যকলাপ জড়িত আছে আৰু ইয়াক দুটা বিষয়ত বিভাজন কৰিব পাৰি, বাণিজ্য আৰু উদ্যোগ. প্ৰতিজন উদ্যোগীৰ উদেশ্য হৈছে এটা ব্যৱসায় আৰম্ভ কৰা আৰু ইয়াক এক সফল প্ৰতিষ্টান হিচাপে গঢ়ি তুলা.

 

দ্য উদ্যোগ নিৰ্দেশালয় ৰাজ্যবিলাকত থকা বিভিন্ন ৰাজ্যবিলাকত থকা স্থানীয় এজেঞ্চী যিবিলাকে নতুন ব্যৱসায়ীসকলক সেই ৰাজ্যখনত এটা ঔদ্যোগিক একক আৰম্ভ কৰিবলৈ সহায় আৰু নিৰ্দেশন দিয়ে. ইহঁতবিলাকে উদ্যোগৰ ইনপুটৰ বাবে উদ্যোগ আৰু অন্য এজেঞ্চীবিলাকক এখন অন্তৰাফলক প্ৰদান কৰে আৰু ব্যৱসায়ীজনক এটা একক ঠাই-এখন খিড়িকীত ভিন্ন উদ্যোগৰ অনুমোদন আৰু ভিন্ন বিভাগৰ পৰা ক্লিয়েৰেঞ্চ পাবলৈ সহায় কৰে.

2 এটা ব্যৱসায়ৰ বাবে ধন দিয়া

বিজনেচ ফিনাঞ্চৰ অৰ্থ হৈছে এজন উদ্যোগীক তেওঁৰ/তাইৰ ব্যৱসায় সংগঠনৰ বিভিন্ন কাম-কাজ চলাবলৈ প্ৰয়োজন হোৱা ধন আৰু আৰ্থিক সাহায্য. ব্যৱসায়ৰ প্ৰতিটো পৰ্যায়ত এইয়া প্ৰয়োজন আছে. যদিও এটা প্ৰতিষ্ঠানক কিমান মূলধন লাগে সেইয়া ইয়াৰ আকাৰ আৰু প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰে কিন্তু সময় অনুসৰি আৰু যথেষ্ঠ পৰিমাণে এইটো পোৱা যিকোনো ধৰণৰ ব্যৱসায় প্ৰতিষ্টানৰ বাবে (সৰু, মধ্যম বা ডাঙৰ যিয়ে নহওক) অতি প্ৰয়োজন. ভাৰতৰ বিত্তীয় ব্যৱস্থাক টকাৰ বজাৰ আৰু মূলধনৰ বজাৰত শ্ৰেণীবিভাজন কৰিব পাৰি. মনি মাৰ্কেটৰ কাৰ্য্যবোৰক নিয়ন্ত্ৰণ কৰাৰ উচ্চ অধিকাৰী হৈছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া (আৰবিআই) কিন্তু কোপিটেল মাৰ্কেটক চোৱা-চিতা কৰা উচ্চ অধিকাৰী হৈছে চেকুইৰিটিচ এক্সচেঞ্জ বৰ্ড অফ ইণ্ডিয়া (চেবি).

এজন উদ্যোগীক তেওঁৰ বা তাইৰ প্ৰতিষ্টানৰ বাবে ধন গোটোৱাৰ মূল উপায়বোৰ হৈছে: -

a) ভেঞ্চাৰ কেপিটেল: ভেঞ্চাৰ কেপিটেল সেই সৰু আৰু মধ্যম ফাৰ্মবিলাকৰ বাবে বিত্তৰ এটা গুৰুত্বপূৰ্ণ শ্ৰৌত ভেঞ্চাৰ পুঁজিপতিসকল ভিন্ন ক্ষেত্ৰৰ পৰা অহা পেচাদাৰী হয়. যোজনাবিলাক পৰীক্ষা কৰাৰ পাচত ইহঁতবিলাকে এই ফাৰ্মবিলাকক ফাণ্ড (ভেঞ্চাৰ কেপিটেল ফাণ্ড) প্ৰদান কৰে.

b) বেংক: এটা বেংক হৈছে এটা অনুষ্ঠান যিটোৱে জনতাই গোটাবলৈ দিয়া টকাখিনি গ্ৰহণ কৰে, যিটো পাচত প্ৰয়োজনমতে পুনৰপৰিশোধন কৰিব পাৰি আৰু চেকৰ দ্বাৰা ৱিডড় কৰিব পাৰি. তেনে ডিপ'জিটবিলাক অন্যবিলাকক ঋণ প্ৰদান কৰিবলৈ ব্যৱহাৰ কৰা হয় আৰু নিজৰ কোনো ধৰণৰ ব্যৱসায়ৰ বিত্তিয় সাহৰ্য্য প্ৰদান কৰিবলৈ দিয়া নহয়. ঋণ প্ৰদান কৰাই ধাৰকৰ্তাসকলক পোনপটিইয়াকৈ ঋণ প্ৰদান কৰা আৰু খোলা বজাৰৰ সুৰক্ষাবিলাকত নিৱেশ কৰি পৰোক্ষ ধাৰ প্ৰদান কৰা দুয়োটাকে বুজায়. 

গ) চৰকাৰী পৰিকল্পনা: এজন ব্যৱসায়ীক নিজৰ ব্যৱসায় স্থাপন কৰিবলৈ নিৰন্তৰ টকাৰ প্ৰয়োজন হোৱাৰ লগতে সফলভাৱে চলাবলৈ আৰু ঔদ্যোগিক এককটোৰ নিয়মিয়া উন্নতিকৰণ/আধুনিকিকৰণ কৰিবলৈও টকাৰ প্ৰয়োজন হয়. এই প্ৰয়োজনটো পূৰ্ণ কৰিবলৈ, চৰকাৰে (কেন্দ্ৰীয় আৰু ৰাজ্যিক দুয়োটায়ে) বেংক আৰু বিত্তিয় অনুষ্ঠান স্থাপন কৰা, ভিন্ন পলিচী আৰু আঁচনি সংগঠিত কৰা ইত্যাদিৰ দৰে ভিন্ন পদক্ষেপ অৱলম্বন কৰিছে. তেনে সকলোবিলাক পদক্ষেপ সৰু আৰু মধ্যম উদ্যোগবিলাকৰ বিস্তাৰ আৰু বিকাশৰ বাবে বিশিষ্টভাৱে কেন্দ্ৰিত কৰা হৈছে

ডি) অনা-বেংকিং বিত্তিয় কোম্পানীসমূহ: অনা-বেংকিং বিত্তীয় কোম্পানীবিলাক (এনবিএফচি) ভাৰতীয় বিত্তীয় ব্যৱস্থাৰ গুৰুত্বপূৰ্ণ খণ্ড হিচাপে খৰতকীয়াকৈ বাঢ়ি আহিছে. ই হৈছে অনুষ্ঠানৰ এটা মিশ্ৰিত গোট (বাণিজ্যিক আৰু সমবায় বেংকৰ বাহিৰে) যি ভিন্নৰূপত বিত্তিয় মধ্যস্থতা প্ৰদান কৰে, যেনে ডিপ'জিট গ্ৰহণ কৰা, ল'ন আৰু এডভাঞ্চ প্ৰদান কৰা, লীজ কৰা, ক্ৰয় লোৱা ইত্যাদি. ইহঁতবিলাকে ৰাইজৰ পৰা ফাণ্ড গোটায়, প্ৰতক্ষ অথবা পৰোক্ষভাৱে আৰু সেইবিলাক আটাইতকৈ বেছি খৰচ কৰা সকলক ধাৰ হিচাপে প্ৰদান কৰে. 

ঙ) বিত্তিয় প্ৰতিষ্ঠান: ভাৰত চৰকাৰে, অৰ্থনীতিৰ ভিন্ন ক্ষেত্ৰত পৰ্য্যাপ্ত পৰিমাণে ক্ৰেডিট প্ৰদান কৰিবলৈ, দেশখনত বিত্তিয় অনুষ্ঠানৰ এটা ভালদৰে বিকশিত গাঁথনি বিকশিত কৰিছে. এই বিত্তিয় অনুষ্ঠানবিলাক নিজৰ সঞ্চালনৰ ভগৌলিক স্থানৰ ওপৰত নিৰ্ভৰ কৰি বিস্তাৰভাৱে সৰ্বভাৰতীয় অনুষ্ঠান আৰি ৰাজ্যিক স্তৰত অনুষ্ঠানলৈ ভগাব পাৰি. ৰাষ্ট্ৰীয় স্তৰত, সেইবিলাকে উচিত সুতৰ হাৰত দীৰ্ঘকালীন আৰু মধ্যমকালীন টাৰ্ম ল'ন প্ৰদান কৰে. 

3 এটা ব্যৱসায়ৰ বাবে আইনী বিবেচনা

যিকোনো দেশত এটা সভল ব্যৱসায়ৰ বাবে বাতাবৰণ সৃষ্টি কৰিবলৈ আইনসঙ্গত বিষয়বোৰে মুখ্য ভুমিকা পালন কৰে. এই সমূহে সেই দেশৰ চৰকাৰী কাঠামোৰ মানসিকতা আৰু পলিচি ফ্ৰেমৱৰ্ক প্ৰতিফলিত কৰে. ভাৰতত, এটা কোম্পানীৰ সৈতে সম্বন্ধ থকা সমূহ দিশ নিয়ন্ত্ৰণ কৰা সবাতোকৈ গুৰুত্বপূৰ্ণ আইনখন হ’ল কোম্পানী আইন, 1956. ইয়াত এটা কোম্পানীৰ গঠন, ডাইৰেক্টৰ আৰু মেনেজাৰসকলৰ ক্ষমতা আৰু দায়বদ্ধতা, মূলধন সংগ্ৰহ, কোম্পানীৰ বৈঠক অনুষ্ঠিত কৰা, কোম্পানীৰ একাউন্টছ চোৱা-চিতা আৰু লেখ পৰীক্ষা কৰা, কোম্পানীৰ বিষয়সমূহ নিৰীক্ষণ আৰু অনুসন্ধানৰ ক্ষমতা, এটা কোম্পানীৰ পুনৰ গঠন আৰু সংযোজন আৰু আনকি এটা কোম্পানী ভংগ কৰাৰ সৈতে সম্বন্ধিত ব্যৱস্থা আছে.

ভাৰতীয় চুক্তি আইন, 1872, হ’ল আন এখন বিধি-ব্যৱস্থা যি এটা কোম্পানীৰ সমূহ লেনদেন নিয়ন্ত্ৰণ কৰে. ই চুক্তিবোৰ বনোৱা আৰু পালন কৰাৰ লগত জড়িত সাধাৰণ নীতিবোৰ নিৰ্ধাৰণ কৰে; এটা চুক্তি আৰু আগবঢ়োৱাৰ নিয়মবোৰ নিয়ন্ত্ৰণ কৰা; ক্ষতিপূৰণ আৰু গেৰাণ্টি, বেলমেণ্ট আৰু প্ৰতিজ্ঞা আৰু এজেঞ্চীকে ধৰি বিভিন্ন প্ৰকাৰৰ চুক্তি. ইয়াৰ লগতে চুক্তি উলংঘন কৰা বিষয়বোৰ পৰিচালনা কৰে.

অন্যান্য গুৰুত্বপূৰ্ণ নিয়মবোৰ হৈছে:- উদ্যোগ (উন্নয়ন আৰু নিয়ন্ত্ৰণ) নিয়ম 1951; ট্রেড ইউনিয়ন আইন; প্রতিযোগিতা আইন, 2002; আৰবিট্ৰেচন আৰু বুজা-বুজি আইন, 1996; ফৰেন এক্সচেঞ্জ মেনেজমেন্ট এক্ট (এফইএমএ),1999; বৌধিক সম্পত্তি অধিকাৰ সম্পৰ্কত আইনসমূহ; আৰু লগতে শ্ৰমিক কল্যাণ আইনসমূহ.

4 ভাৰতত কৰা ব্যৱসায়ৰ ওপৰত কৰ


ভাৰতত কৰৰ বিষয়ে সুন্দৰ ব্যৱস্থা আছে. ভাৰতৰ সংবিধান অনুসৰি কৰ আৰু শুল্ক লোৱাৰ অধিকাৰ চৰকাৰৰ তিনিটা বিভাগক দিয়া হৈছে. ইয়নিয়ন চৰকাৰে লব পৰা মুখ্য কৰ আৰু শুল্কবোৰ হৈছে: -

এ) আয়কৰ (খেতি-বাতিৰ আয় ইয়াত জড়িত নাই, যি ৰাজ্য চৰকাৰে লব পাৰে)

বি) কাষ্টমচ ডিউটি, চেন্ট্ৰল এক্সাইজ আৰু চেলচ টেক্স আৰু

চি) সেৱা কৰ

ৰাজ্য চৰকাৰে লোৱা কৰবোৰৰ ভিতৰত মূল কৰ হৈছে: -

এ) চেল টেষ্ক (আন্ত ৰাজ্য বস্তু ব্যাপাৰৰ কৰ),

খ) মোহৰ-শুল্ক (সম্পত্তি হস্তান্তৰৰ শুল্ক),

গ) ৰাজ্যিক আবকাৰী (সুৰা প্ৰস্তুত কৰাত শুল্ক),

ঘ) ভূমি ৰাজহ (কৃষিজাত/অ-কৃষিজাত উদ্দেশ্যৰ বাবে ব্যৱহাৰ হোৱা ভূমিত কৰ ধাৰ্য),

ঙ) মনোৰঞ্জনত শুল্ক আৰু বৃত্তি আৰু জীৱিকাত কৰ.

 

স্থানীয় অধিকাৰীসকলক কৰ লোৱাৰ বাবে অধিকাৰ আছে: -

এ) মাটি-বাৰিৰ ওপৰত কৰ (বিল্ডিং আদি),

বি) অক্ট্ৰই (স্থানীয় অধিকাৰীসকলৰ এলেকাৰ ভিতৰত ব্যৱহাৰ কৰা/গ্ৰহণ কৰাৰ বাবে লৈ অহা বস্তুৰ ওপৰত দিয়া কৰ),

চি) মাৰ্কেটৰ ওপৰত কৰ আৰু

ডি) জল বিতৰণ, নলা আদি সেৱাৰ বাবে দিয়া কৰ/মূল্য.

 

অধিক জানিবলৈ চাওক: -

a) ব্যক্তিৰ ওপৰত লৰ - লিংক

b) অংশীদাৰীত্বৰ কৰ - লিংক

c) কৰ্প'ৰেটৰ ওপৰত কৰ লাগু কৰা - লিংক

d) অন্য প্ৰকাৰৰ ব্যৱসায়িক এককবিলাকৰ ওপৰত লাগু কৰা - লিংক

e) সেৱা কৰ - লিংক

f) টিডিএচ, টিচিএচ, টিএএন - লিংক